কনকলতা মহিলা আৰবান কো-অৰাৰেটিভ বেংক লিমিটেড, যোৰহাট কনকলতা দৈনিক জমা আঁচনি নিয়মাবলী

 

  • ১) দহ বছৰৰ উর্দ্ধৰ যি কোনো ব্যক্তিয়ে নিজৰ নামত দৈনকি দমা আচঁনিৰ আলামত খুলিব পাৰিব ৷
  • ২) একেজন ব্যক্তিয়ে একে নামত একাধিক আমানত খুলিব নোৱাৰিব ৷
  • ৩) নিম্নতম জমাৰ নিৰিখ ২০/- (বিশ টকা) আৰু ৫/- (পাঁচ টকা)ৰ গুনিতকত জমাৰ কিস্তি নির্ধৰণ কৰিব পাৰিব ৷ দৈনিক জমাৰ সর্ব্বোচ্চ নিৰিখ ১০০০/- (এহেজাৰ) চকাৰ অধিক হ’ব নোৱাৰিব ৷
  • ৪) জমা ৰখাৰ ম্যাদ নিম্নতম এহেজাৰ, ইয়াৰ ওপৰত দুবছৰ, তিনিবছৰ, চাৰিবছৰ আৰু পাচঁ বছৰলৈ জমা কৰিব পাৰিব ৷
  • ৫) এবছৰীয়া ম্যাদৰ আমানতত সুদ দিয়া নহয় ৷ অন্যাল্য ম্যাদৰ আমানতত বেংকৰ প্ৰচলিত হাৰত সুদ দিয়া হ্’ব ৷
  • ৬) ম্যাদপূর্ণ জমা ৩৬০০০/- (ছয়ত্ৰিশ ৰাজাৰ) টকাৰ অধিক হ্’লে সেই টকা সংশ্লিষ্ট মাহটোৰ ভিতৰত দুই বা তাতোধিক কিস্তিত দিয়া হ’ব ৷ চেক যোগে ল’লেও ওকেটা কিস্তিতে দিয়া নহ’ব ৷
  • ৭) কোনো কাৰণতে দৈনিক দমাৰ নিদ্ধাৰিত কিস্তি কম বেচি হ’ব নোৱাৰিব ৷
  • ৮) অসম্পূর্ণ ম্যাদৰ টকা ছয় মাহৰ মূৰ উলিয়াব পাৰিব যদিও তেনে টকাৰ ওপৰত এজেণ্টৰ কমিচন আৰু ১ (শতাংশ)bank charge কাটি ৰখা হ’ব ৷
  • ৯) দৈনিক জমাৰ সংগ্ৰহ দৈনিক কৰিব লাগিব আৰু সংগৃহীত ধন একে দিনাই বা পিছ দিনা আগবেলাতে বেংকত জমা কৰিব লাগিব ৷
  • ১০) এজেণ্ট সকলে উপযুক্ত ছপামূল্য দি Collection Deposit Pad বেংকৰ পৰা সংগ্ৰহ কৰিব লাগিব ৷
  • ১১) মাহৰ শেষৰ দিনটোত দুটাত কৈ অধিক কিস্তি জমা দিব নোৱাৰবি ৷
  • ১২) বেংকৰ কর্মচাৰীয়ে দৈনিক জমা আঁচনিৰ এজেন্সী চলাব নোৱাৰিব ৷
  • ১৩) মাহেকত মাত্ৰ এবাৰ বা দুবাৰ দিয়া দমাক দৈনিক দমা আঁচনিত অন্তভূক্ত কৰা নহ’ব এনে জমা আৰু নির্দ্ধাৰিত নিৰিখতকৈ বেছিকৈ হোৱা জমাৰ ওপৰত কমিচন দিয়া নহ’ব ৷
  • ১৪) দৈনিক জমা আঁচনিক যোগেদি ঋণ পৰিশোধ কিস্তি সংগৃহীত হ’লে তেনে দমাৰ কনিচন ঋণ দায়গ্ৰস্ত গ্ৰাহকে বহন কৰিব লাগিব ৷
  • ১৫) আমানত প্ৰতিশ্ৰুতি কিস্তি আৰু সংগৃহীত কিস্তি কোনো কাৰণতে পৃথক হ’ব নোৱাৰিব ৷
  • ১৬) কোনো আমানত বন্ধ কৰিবলৈ হ’লে ১৫ (পোন্ধৰ) দিনৰ আগতে বেংকক জাননী (লিখিত ভাবে) দিব লাবিব ৷
  • ১৭) প্ৰতি মাহৰ চতুর্থ শনিবাৰৰ দিনা বেংকত দৈনিক জমা আঁচনিৰ গ্ৰাহকৰ লেন-দেন কৰা হ’ব ৷ উক্ত দিনটো কবিা বন্ধবাৰ পৰিলে পিছৰ কর্মদিনত তেনে লেন-দেন কনা হ’ব ৷
  • ১৮) দৈনিক জমা আঁচনিৰ নতুন আমানত মাহটোৰ প্ৰথম সপ্তাহৰ ভিতব খুলিব লাগিব ৷
  • ১৯) দৈনিক জমা সম্পর্কত এজেণ্ট সকলে গ্ৰাহকসকলৰ লগত প্ৰত্যক্ষ যোগাযোগ ৰক্ষা কৰি চলিব ৷ গ্ৰাবকৰ অভিযোগ থাকিলে লিখিত ভাৱে সংশ্লিষট শাখাত অভিযোগ দাখিল কৰিব পাৰিব ৷